Job 20

চোফৰৰ দ্বিতীয় বক্তৃতা।

1তেতিয়া নামাথিয়া চোফৰে পুনৰায় উত্তৰ কৰি ক’লে, 2মোৰ ভাৱনাই মোৰ অন্তৰত থকা অধৈৰ্য্যৰ কৰাণে, উত্তৰ দিবলৈ মোক উদগাইছে। 3মোক লাজ দিয়া উপদেশ মই শুনিলোঁ, তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে।

4কালৰ আৰম্ভৰে পৰা, পৃথিৱীত মনুষ্যক স্থাপন কৰাৰে পৰা , 5দুষ্টবোৰৰ জয়-ধ্বনি যে অলপকলীয়া, আৰু অধৰ্ম্মীৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে ?

6যদি তাৰ মহাত্ম্যই আকাশ পায়গৈ, আৰু তাৰ মুৰ মেঘত লাগে, 7তথাপি সি নিজ বিষ্ঠাৰ দৰে চিৰকাললৈকে নষ্ট হ’ব, যিবিলাকে তাক দেখিছিল, তেওঁবিলাকে সুধিব, সি ক’ত আছে ?

8সি সামাজিকৰ দৰে উড়ি যাব, তাক আৰু পোৱা নাযাব; এনে কি, ৰাতিকালৰ দৰ্শনৰ দৰে সি লুপ্ত হ’ব। 9যি চকুৱে তাক দেখিছিল সেই চকুৱে তাক আৰু নেদেখিব; তাৰ নিবাসৰ ঠায়ে তাক আৰু দেখা নাপাব।

10তাৰ সন্তানবিলাকে দৰিদ্ৰবিলাকৰ পৰা অনুগ্ৰহ বিচাৰিব, আৰু তাৰ নিজ হাতে তাৰ ধন-সম্পত্তি ওভোটাই দিব। 11তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ, কিন্তু ইও তাৰ লগত ধূলিত শুব।

12যদিও দুষ্টতা তাৰ মুখত সোৱাদ লাগে, যদিও সি জিবাৰ তলত তাক লুকুৱাই ৰাখে, 13যদিও সি ভাল পাই এৰি দিব নুখুজি, তাক তালুত ৰাখি থয়, 14তথাপি, তাৰ আহাৰ পেট পাই বিকৃত হয়, ই তাৰ ভিতৰ কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে।

15সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বঁতিয়াই পেলাব; ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিযাই পেলাব। 16সি কালসৰ্পৰ বিষ চুহিব; বিষাল সাপৰ জিবাই তাক বধ কৰিব।

17সি নদীবোৰ দেখা নাপাব, মৌ আৰু দৈ বৈ যোৱা সুঁতিবোৰ নেদেখিব। 18সি নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, গ্ৰাস নকৰিব; সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব। 19সি দৰিদ্ৰবিলাকক উপদ্ৰৱ আৰু ত্য়াগ কৰিলে;এই হেতুকে, যি ঘৰ সি কাঢ়ি ললে, সেই ঘৰ লি সাজি এঁটাব নোৱাৰিব।

20তাৰ পেটৰ কেতিযাও তৃপ্তি নহয়; এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব। 21সি গ্ৰাস নকৰা একোৱেই বাকী নাই; এই কাৰণে তাৰ মঙ্গল চিৰকলীয়া নহ’ব। 22তাৰ বস্তু-বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব; দুখতপৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব।

23সি নিজ পেট ভৰাবলৈ ধৰোঁতেই, ঈশ্বৰে তাৰ ওপৰত ক্ৰোধাগ্নি পেলাব, আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব। 24সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব; কিন্তু পিতলৰ ধনুৰ্ব্বাণে তাক সৰকাই পেলাব। 25সি বাণ টানিলে, সেয়ে তাৰ গাৰ পৰা ওলাই আহে;এনে কি, তাৰ তিৰবিৰোৱা আগ তাৰ পিত্তৰ পৰা বাহিৰ হয়; তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে।

26তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, মানুহে নধৰা জুয়ে তাক গ্ৰস কৰিব; সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব। 27আকাশ-মণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব, আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব।

28তাৰ ঘৰৰ সম্পত্তি উড়ি যাব; ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটাই নিব। দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাব লগীয়া ভাগ এয়ে, আৰু এয়েই ঈশ্বৰৰ নিৰূপণ কৰা তাৰ অধিকাৰ।

29

Copyright information for AsmULB